ডিজিটেল ডেস্কঃ দুই গভাইত চোৰ পৰিল আৰক্ষীৰ জালত। আজি পুৱাৰ ভাগত আৰক্ষীৰ বিশেষ নিশাৰ টহলদাৰী দলে টহল দি থকাৰ সময়ত দুজন যুৱকক দেখা পায়।
আৰক্ষীৰ দলটোক দেখিয়ে পলায়নৰ চেষ্টা কৰে যুৱক দুজনে। যুৱক দুজনে পলায়ন কৰা দেখি আৰক্ষীৰ সন্দেহ ওপজে।
আৰক্ষীয়ে খেদি খেদি দুয়োজন যুৱকক ধৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অনুসন্ধানত যুৱক দুজন গভাইত চোৰ বুলি ধৰা পৰে।
চোৰ দুটাৰ নাম ৰবীন আলী (২২ বছৰ) আৰু জাহিদুল ইছলাম (২৫ বছৰ)। ৰবীন আলীৰ ঘৰ নগৰবেৰাত আৰু জাহিদুল ইছলামৰ ঘৰ বৰপেটাত।
চোৰ দুটাৰ পৰা ৩০টাৰো অধিক মোবাইল ফোন আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে। সকলোবোৰ এটা ক’লা ৰঙৰ বেগত আছিল। জেৰাৰ সময়ত দুয়ো স্বীকাৰ কৰে যে তেওঁলোকে বহু আগৰে পৰা চুৰি কাৰ্যৰ সৈতে জড়িত।
গুৱাহাটীৰ লাখটকীয়াৰ এখন মোবাইল দোকানৰ টিনৰ গাঁথনি কাটি মোবাইল ফোন আৰু আনুষংগিক সামগ্ৰী চুৰি কৰাৰ কথা স্বীকাৰ কৰে ৰবীন আলী আৰু জাহিদুল ইছলামে।
উদ্ধাৰ হোৱা চুৰি সামগ্ৰীসমূহ- ২৪টা এণ্ড্ৰইড ফোন, ৩টা আইফোন, ২ টা কিপেড মোবাইল হেণ্ডছেট, এটা জিঅ' ভাৰতৰ কিপেড মোবাইল হেণ্ডছেট, স্ক্ৰু ড্ৰাইভাৰ, কেঁচি, ১৫ টা এয়াৰপড আদি।
Leave A Comment